নিষেধাজ্ঞাৰপৰা মুক্ত পেচবলাৰ শ্ৰীসান্থ

 03/16/2019 - 12:47

ডিজিটেল ডেস্ক: ক্ৰীয়াপ্ৰেমীসকলৰ বাবে সুখবৰ। পুনৰ খেলপথাৰত দেখা যাব তেওঁলোকৰ প্ৰিয় পেচবলাৰ শ্ৰীসান্থক। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন পেচবলাৰ শ্ৰীসান্থৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞা বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে,২০১৩ চনত আইপিএলত মেচ ফিক্সিং কৰাৰ অপৰাধত তেওঁ যোৱা পাঁচ বছৰৰ পৰা নিলম্বিত হৈ আছিল।

উচ্চতম ন্যায়ালয়ে শ্ৰীসান্থৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা পুনৰ বিবেচনাৰ নিৰ্দেশ দিছে। নিষেধাজ্ঞা উঠাই ল'লেও তেঁওৰ শাস্তি হোৱাটো নিশ্চিত বুলিও প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে আৰু এই শাস্তিৰ দায়িত্ব ভাৰতীয় ক্ৰিকেট ব'ৰ্ডক অৰ্পণ কৰা হৈছে। তাৰ উপৰি ব'ৰ্ডক তিনি মাহৰ ভিতৰত শাস্তি ঘোষণা কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ দিছে।

কিছুদিন পূৰ্বে তেওঁৰ ওপৰত থকা নিলম্বনৰ ৰায় উঠাই ল'বলৈ পেচবলাৰগৰাকীয়ে কেৰালা উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যদিও আদালতে এই সিদ্ধান্ত বাহাল ৰাখে। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পেচবলাৰগৰাকী। বিচাৰপতি অশোক ভূষণ আৰু এম জে যোছেফে ৰায় প্ৰদান কৰি কয় যে এই শাস্তি প্ৰয়োজনতকৈ কাঢ়া হৈছে। সেয়ে তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া উচিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।