ডুমডুমাত শ্ৰমিকক মজুৰি দিবলৈ অনা দুই লক্ষাধিক টকা লুটিলে ডকাইতে

 06/23/2019 - 17:31

 ডুমডুমাঃ ডুমডুমাৰ বাদলাবেটা বাইপাছত সংগঠিত হয় এক চাঞ্চল্যকৰ ডকাইটিৰ ঘটনা। ফিল'বাৰীস্থিত বিনোদ ছেত্ৰী নামৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীজনৰ চাহ বাগিচাৰ শ্ৰমিকৰ আজি দৰমহা দিয়াৰ দিন আছিল।সেয়েহে দুই লক্ষাধিক টকা লৈ নিতিশ চেতিয়া নামৰ যুৱকজনে ৰূপাইৰ পৰা ফিল'বাৰীলৈ লৈ গৈছিল টকাখিনি।

নিতিশ চেতিয়া নামৰ ব্যক্তিজনে ডুমডুমাৰ ৰূপাইৰ পৰা টকাখিনিলৈ ফিল'বাৰীলৈ আহি থকা অৱস্থাত দুখন নম্বৰবিহীন পুৰণা CBZ বাইকত অহা চাৰিজনীয়া এটা ডকাইতৰ দলে বাদলাভেটা বাইপাছৰ সমীপতে নিতিশৰ স্কুটীখন আগুচি ধৰি দুই লাখ টকা লৈ পলায়ন কৰে। ২ লাখ টকাসহ নিতিশৰ মবাইল ফোন লৈ উধাও হ'ল ডকাইতৰ দল। বিনোদ ছেত্ৰীয়ে ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।