শ্যামপুৰত PCPNDTৰ আইন সজাগতা সভা

 06/23/2019 - 17:53

দলগাওঁ : দৰঙৰ শ্যামপুৰ থানাৰ সভাগৃহত আজি দৰং জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত আৰু আৱাজ ফাউণ্ডেচন এনজিঅৰ সহযোগত Pre- Conception and Pre-Natal Diagnostic Technique Act (PCPNDPT)ৰ এক সজাগতা সভা অনুষ্ঠিত হয়৷ সভাৰ পূৰ্বে শ্যামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৈয়দ মুক্তাৰ ৰহমানৰ নেতৃত্বত থানা চৌহদত স্বচ্ছ ভাৰত অভিযান চলাই পৰিষ্কাৰ কৰা হয়৷ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সভাপতি তথা পিএলভি শ্বহিদুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাত মুখ্য আঁত ধৰে অৰ্ধ আইনী স্বেচ্ছাসেৱক মজিবৰ ৰহমানে৷ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আৰক্ষী বিষয়া মুক্তাৰ ৰহমানে বক্তব্য দিয়ে৷

সজাগতা সভাখনত গাঁওৰক্ষী বাহিনীৰ সম্পাদক, সম্পাদিকা, আশা কৰ্মী, ইত্তেহাদ ফ্ৰণ্টৰ, ছাইদুৰ ৰহমান, আসাদুল্লাহ হককে আদি কৰি আমছু কৰ্মীসহ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।