হাউলীঃ আজি ৰাতিপুৱা ৮ বজাৰ পৰা আগন্তুক হজ যাত্ৰাৰ বাবে বাচনি হোৱা হাজীসকলৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ শুকমানাহ বজাৰ মাৰ্কাচ জামে মছজিদ প্ৰাঙ্গণত অনুষ্ঠিত হয়। বৰপেটা জিলাৰ ভৱানীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শুকমানাহ বজাৰ হজ ট্ৰেইনিং চেণ্টাৰৰ উদ্যোগত উক্ত শিবিৰত কাবিলপুৰ পল্লাৰপাৰ ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষক আলহাজ আব্দুল কাদিৰ অহিদ আৰু পল্লাৰপাৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰবী শিক্ষক আলহাজ মামুনুৰ ৰচিদ খানে সমল ব্যক্তি হিচাপে উপস্থিত থাকি হজৰ নীতি-নিয়ম আৰু মক্কা-মদিনাত গৈ কৰণীয় কামৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি প্ৰশিক্ষণ প্ৰদান কৰে।
উক্ত শিবিৰত বৃহত্তৰ অঞ্চলখনৰ প্ৰায় ৭৫গৰাকী হাজীয়ে অংশ লয়। ইয়াৰোপৰি পল্লাৰপাৰ এম,ই, মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক আলহাজ আমজেদ আলী দেৱান, কাবিলপুৰ পল্লাৰপাৰ ছিনিয়ৰ মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক আলহাজ আবু বাক্কাৰ ছিদ্দিক, আলহাজ নুৰ মহম্মদ, কাউৰপাৰা গাঁৱ নিৱাসী সমাজকৰ্মী নশেৰ আলী, ময়নুল হক চৌধুৰী আৰু হাফিজুৰ ৰহমানে উক্ত অনুষ্ঠানটিত সহযোগিতা আগবঢ়ায়।