দৰঙৰ ন-হাউলী পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে গাঁওবাসীক

 06/23/2019 - 19:53

মঙলদৈঃ  স্বাধীনতাৰ ৭১ বছৰ অতিক্ৰম হল যদিও পথ যোগাযোগেৰে সংযোগ নহ’ল দৰঙৰ এখন গাঁওত। এইখন কোনো জোকাই চুক নহয়, মঙ্গলদৈ চহৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ ন-হাউলী গাঁও। পথৰ অভাৱতেই পৰি ৰৈছে গাওঁখনৰ কেইবাগৰাকীও বিবাহযোগ্য যুৱতী। গাঁওখনত আছে হাবি-জংঘলেৰে ভৰা এটি লুং-লুঙীয়া পথ। এজাক বৰষুণতে বোকাময় হৈ পৰে পথটি। প্রায় দহ বছৰ পূৰ্বে বানে ভাঙি নিয়া পথৰ আজিও ন’হল মেৰামতি। দুৰ্বিসহ সদায় যাতায়ত কৰে অঞ্চলটােৰ লােকসকলে। লগতে শিক্ষানুস্থানলৈ যােৱা ছাত্র-ছাত্ৰীয়ে ভোগিবলগীয়া হয় যমৰ-যাতনা। নাহে 108 সেৱাৰ গাড়ী। ফলত থেলাত নিব লগা হয় ৰোগী। পথৰ বোকাত পিছলি ইতিমধ্যে এগৰাকী মহিলাৰ মৃত্যুও হৈছে। মহিলাগৰাকীৰ মৃত্যুৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজ।

ইতিমধ্যে পঞ্চায়ত আৰু জনপ্ৰতিনিধিক আবেদন জনাই ৰাইজ ভাগৰি পৰিছে। কাৰো পৰা সঁহাৰি আজিলৈ পোৱা নাই। প্ৰশ্ন হৈছে পৰিৱৰ্তনকামী চৰকাৰে এই গাওঁখনলৈ পৰিৱৰ্তন আনিব পাৰিবনে!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।