06/23/2019 - 20:38
in
ধুবুৰীঃ মৃত্যুৰ বাবে ভয় নকৰি মহাবাহু ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিছে ধুবুৰীৰ চৰাঞ্চলৰ কণ কণ শিশুসকলে। ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নৰ আঁচনিৰ লগতে বিশেষভাৱে গ্ৰহণ কৰিছে শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত। অতি পৰিতাপৰ বিষয় যে নামনি অসমৰ অতি পিচপৰা ধুবুৰী জিলাৰ চৰাঞ্চল। এই আচঁনিসমূহ ভিতৰুৱা গাঁও আৰু চৰাঞ্চলত কিমান দূৰ সফলতা কঢ়িয়াই আনিছে তাৰে এক জলন্ত উদাহৰণ এই সকল ধুবুৰীৰ চৰাঞ্চলৰ কণ কণ শিশুসকলক লক্ষ্য কৰিলেই ওলাই পৰে।
এই বয়সত শিশুসকলে বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ নাথাকি মহাবাহু ব্ৰহ্মপুত্ৰ নদীত জাল মাৰি মাছ ধৰিছে। ইফালে শিক্ষাৰ পৰাও বঞ্চিত হৈ আছে চৰাঞ্চলৰ বহু শিশুৱে।