বিজেপিক বাই বাই আৰ পি শৰ্মাৰ

 03/16/2019 - 13:54

ডিজিটেল ডেস্ক: বিজেপিৰপৰা পদত্যাগ কৰিছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই। দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে। ছ'চিয়েল মেডিয়াযোগে আজি এই কথা প্ৰকাশ কৰি তেওঁ কয় যে, বিজেপিত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা লোকসকলৰ বাবে পুৰণি বিজেপি কৰ্মীসকলক অৱহেলা কৰিছে দলে।

সমাগত লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হোৱাৰ স্বত্বেও তেওঁক সমষ্টিৰ টিকটৰ পৰা বঞ্চিত কৰে। প্ৰাৰ্থীত্বৰ পেনেলত নাম অন্তৰ্ভুক্ত নোহোৱাটো ক্ষোভ ব্যক্ত কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। এতিয়া বিজেপিত অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ বাবে কোনো নাই বুলি মন্তব্য কৰি অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ আশ্বাস দিয়ে শৰ্মাই।

আনহাতে তেওঁক সমৰ্থন জনোৱা সকলো লোককে ধন্যবাদ জনাই সদায়ে তেওঁ ৰাইজৰ হৈ কাম কৰাৰ কথা প্ৰকাশ কৰে। ইফালে দল ত্যাগ কৰাৰ পিছতে নতুন দিল্লীত নিজা বাসভৱনত সংবাদমেলৰ আয়োজন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।