শান্তিপুৰত উৎপাদিত আনাৰস-কঁঠাল চালান হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

 06/23/2019 - 21:16

ছয়গাঁওঃ এতিয়া আহাৰ মাহ। ৰাজ্যৰ বিভিন্ন বজাৰসমূহ ভৰি পৰিছে সুস্বাদু ফলমূলেৰে৷ আনহাতে অম্বুবাচী উপলক্ষে আম বা আন আন ফলমূলৰ লগতে আনাৰস আৰু কঁঠাল খোৱাটো অসমীয়া লোকৰ পৰম্পৰা৷ সম্প্ৰতি ৰাজ্যৰ বজাৰত আনাৰস আৰু কঁঠালৰ গুৰুত্ব অম্বুবাচী উপলক্ষে বৃদ্ধি পাইছে আৰু যাৰ বাবে এতিয়া বজাৰত আনাৰস আৰু কঁঠালৰ ক্ৰেতা-বিক্ৰেতাও বৃদ্ধি পাইছে৷

দক্ষিণ কামৰূপৰ ছয়গাঁও বিধান সভা সমষ্টিৰ অন্যতম বামুণীগাঁও বজাৰ আনাৰসৰ বাবে এখন বিখ্যাত বজাৰ বুলি এক সুনাম আছে৷ আনাৰসৰ চিজনত হেজাৰ হেজাৰ আনাৰসেৰে ভৰি পৰে এইখন বামুণীগাঁৱৰ বজাৰ৷ সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে এইখন বজাৰত উভৈনদী হৈ পৰে আনাৰসৰ লগতে কঁঠাল, আম, জাম আদি নানা ৰকমৰ ফলে৷

অঞ্চলটোৰ বৃহত্তৰ শান্তিপুৰ অঞ্চলত উৎপাদিত আনাৰস বামুণীগাঁও বজাৰত কৃষকসকলে চাইকেলৰ লগতে ঠেলাগাড়ীত আনি বামুণীগাঁও বজাৰত বিক্ৰী কৰে৷ আনহাতে বামুণীগাঁৱৰ বজাৰত ওলোৱা আনাৰস দক্ষিণ কামৰূপৰ ছয়গাঁও, ৰামপুৰ, বিজয়নগৰ, মিৰ্জা, পলাশবাৰী, গুৱাহাটী, নলবাৰী, গোৱালপাৰা, বৰপেটা আদি ৰাজ্যৰ বিভিন্ন ঠাইলৈ চালান হয়৷

বামুণীগাঁৱৰ প্ৰতিখন বজাৰৰ পৰা বিশেষকৈ আনাৰসে ৰাজ্যৰ বিভিন্ন বজাৰ দখল কৰাৰ লগতে কিছু পৰিমাণে কঁঠালেও বজাৰ দখল কৰিছে৷ আনহাতে বিগত বছৰসমূহতকৈ দেওবাৰে বামুণীগাঁও বজাৰত আন দিনাৰ বজাৰতকৈ অধিক পৰিমাণৰ আনাৰস আৰু কঁঠাল ওলোৱাটো পৰিলক্ষিত হৈছে৷ অম্বুবাচী উপলক্ষে দেওবাৰে আনাৰস আৰু কঁঠালৰে ভৰি পৰে বামুণীগাঁৱৰ দেওবৰীয়া বজাৰ৷

আন দিনাৰ তুলনাতকৈ দেওবাৰে পাইকাৰী বেপাৰীৰো যথেষ্ট ভিৰ দেখা যায়৷ এক কথাত ক’বলৈ গ’লে দেওবাৰে বামুণীগাঁও বজাৰত আনাৰস আৰু কঁঠালৰ ক্ৰেতা আৰু বিক্ৰেতাৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে৷ ইফালে বজাৰলৈ আনাৰস বিক্ৰী কৰিবলৈ অনা স্থানীয় কৃষকসকলে জানিবলৈ দিয়া মতে তেওঁলোকে আজি অম্বুবাচীৰ বজাৰ উপলক্ষে আন দিনাৰ দামতকৈ আনাৰস আৰু কঁঠালৰ দাম আজি বেছি পাইছে৷

বহুকেইজন কৃষকে জানিবলৈ দিয়া মতে এইবেলি আনাৰসৰ উৎপাদন ভাল হোৱাৰ লগতে তেওঁলোকে উচিত মূল্য পাই যথেষ্ট লাভবানো হৈছে৷ কৃষকসকলৰ লগতে লাভৱান হৈছে একাংশ স্থানীয় ব্যৱসায়ীও৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।