জামুগুৰিহাট কেন্দ্ৰস্থলত চাফাই অভিযান

 06/23/2019 - 21:37

জামুগুৰিহাটঃ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীসকলৰ সহযোগত জামুগুৰিহাট কেন্দ্ৰস্থলত আজি চাফাই অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। চাফাই অভিযান কাৰ্য্যসুচীত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা৷

উল্লেখ্য যে জামুগুৰিহাট নগৰখনক পৰিষ্কাৰ পৰিচন্ন তথা সৰ্বাংগসুন্দৰ কৰি তুলিবৰ বাবে বিধায়ক পদ্ম হাজৰিকাই বিভিন্ন কৰ্মৰাজী হাতত লোৱাৰ লগতে প্ৰতি ৰবিবাৰে নগৰখন চাফ চিকুণ কৰি ৰাখিবৰ বাবে দল সংগঠনসমূহক চাফাই অভিযান কাৰ্য্যসুচী হাতত ল’বলৈ আহ্বান জনাইছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।