মানকাচৰ আৰক্ষীৰ আজব কাণ্ড: ধনৰ বিনিময়ত মুক্তি অপহৰণৰ গোচৰত অভিযুক্তক

 06/24/2019 - 11:24

মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষীৰ আজব কাণ্ড। এগৰাকী নাবালিকাক অপহৰণকাৰীক আটক কৰাৰ পাছতো ৰহস্যজনক কাৰণত মুকলি কৰা ঘটনাই সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ মতে মানকাচৰ বিধানসভা সমষ্টিৰ অধীনস্থ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত বেঙেৰভিটা গাঁৱৰ ছবুৰুল হকৰ ষষ্ঠ শ্ৰেণীত পঢ়া নাবালিকা কন্যা আৰজিনা বেগম(১৬)ক ১৯ জুন তাৰিখে চিৰাখোৱা গাঁৱৰ মিজানুৰ ৰহমান, সাগৰ আলী আৰু বেঙেৰভিটা গাঁৱৰ আখিয়া ভানুয়ে ষড়যন্ত্ৰ কৰি নিশা অপহৰণ কৰি লৈ যায় বুলি অপহৃত নাবালিকাগৰাকীৰ ককায়েক সহিদুৰ ৰহমানে এটা গোচৰ ৰুজু কৰিছিল। কিন্তু প্ৰথমৰ পৰাই কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ কে বৰ্মনে অপহৰণকাৰীৰ পক্ষত ৰহস্যজনকভাবে অৱস্থান কৰি আহিছে।

যাৰ ফলত অপহৰণকাৰীয়ে অঞ্চলটোত মুকলি হৈ ঘুৰি ফুৰাৰ পিছতো আটক কৰা নাই আৰক্ষীয়ে। পিছত ৰাইজৰ হেঁচাত সাগৰ আলী নামৰ অভিযুক্তজনক আৰক্ষীয়ে আটক কৰি আৰক্ষী চকীলৈ লৈ আহে যদিও অপহৰণৰ গোচৰত অভিযুক্ত সাগৰ আলীক মোটা অংকৰ ধনৰ বিনিময়ত এৰি দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আজি ছয় দিন উকলি যোৱাৰ পিচতো আৰক্ষীয়ে নাবালিকা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।