ছ'চিয়েল মিডিয়াত মন্তব্য কৰি গ্ৰেপ্তাৰ মাণিকপুৰৰ যুবক: ৰামৰ বিৰুদ্ধে অপমানজনক মন্তব্য যুবকৰ

 06/24/2019 - 12:03

মাণিকপুৰ: জয় শ্ৰীৰাম ক'বলৈ বাধ্য কৰোৱা কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰ ৰামৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল আন এক যুবক। শ্ৰীৰামৰ মুখত মুতি দিম বুলি ছ'চিয়েল মিডিয়াত মন্তব্য কৰা ছমিৰ জালাল আলী নামৰ যুবকজনক গ্ৰেপ্তাৰ কৰিছে মাণিকপুৰ আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সেনাইখোলা গাঁৱৰ এই যুবকজনে ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি আপলোড দিয়াৰ পিছত ভাইৰেল হৈ পৰে এই মন্তব্য।

এই মন্তব্যৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ শংকৰদেৱ যুব মঞ্চৰ সম্পাদক বেদান্ত কুমাৰ অধিকাৰীয়ে মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত মাণিকপুৰ আৰক্ষীয়ে কেছ নং ১৫৮/19 ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/153(A)/295(A)/504 IPC RW Section 66 IT Act ত গোচৰ ৰুজু কৰি ছমিৰ জালাল নামৰ যুৱকজনক যোৱা নিশা মাণিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।