দেৰগাঁও: উজনি অসমৰ বিশেষকৈ যোৰহাট আৰু গোলাঘাট জিলাত বিগত সময়ত দুচকীয়া বাহন চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা এক বৃহৎ চক্ৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী। আজি কিছুদিনৰ পৰা বিভিন্ন প্ৰান্তৰৰ লগতে বৃহত্তৰ দেৰগাঁও অঞ্চলত সঘনাই চুৰি হৈ থকা দুচকীয়া বাহনৰ বাবে আৰক্ষী বিভাগৰ মূৰ কামোৰণি হৈ পৰিছিল। এই চক্ৰটোৰ বাবে দুচকীয়া বাহনৰ গৰাকীসকলে সন্তৰ্পণে নিজৰ বাহনসমূহ ব্যৱহাৰ কৰিব লগা হৈছিল। আনহাতে দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰাৰ নেতৃত্বত দেৰগাঁও আৰক্ষীৰ এটা দল তৎপৰ হৈ আছিল এই চক্ৰটোক কৰায়ত্ত কৰিবলৈ। অৱশেষত বহু অভিযান আৰু গোপন সূত্ৰৰ তথ্যত সফলতাৰ মুখ দেখিলে আৰক্ষীৰ দলটোৱে।
এক বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে নিশা আৰক্ষীৰ এটা বৃহৎ দলে কেইবাঘণ্টা ধৰি বিভিন্ন স্থানত অভিযান চলাই এখন ৰয়েল এনফিল্ড বাইক, পালচাৰ লগতে আন কেইবাখনো বাইক আৰু স্কুটি উদ্ধাৰ কৰাৰ লগতে জালত পেলাবলৈ সক্ষম হ'ল দুচকীয়া বাহন চুৰিৰ লগত জড়িত চক্ৰটোৰ কেইবাজনো সদস্যক। দেৰগাঁও আৰক্ষীয়ে দুচকীয়া বাহন চুৰি চক্ৰৰ লগত জড়িত দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত চ'গুৰি চাপৰিৰ পৰা বীৰকুচি দলে (২৭), বিজয় পেগু (২৭), ইপুৰীয়া গেন্ধালীৰ অজাও পেগুক (৩৪) আটক কৰে।
ইফালে যোৰহাট টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান কমাৰ খতুৱাল গাঁৱৰ অৰূপ বৰুৱাক (৫০) ভূৱা বাহন পঞ্জীয়নভুক্ত স্মাৰ্ট কাৰ্ড প্ৰস্তুত কৰাৰ বাবে আটক কৰাৰ লগতে ১০ খন খালী স্মাৰ্ট কাৰ্ড আৰু ভূৱা কামত ব্যৱহৃত কম্পিউটাৰ সামগ্ৰী জব্দ কৰে। এই চক্ৰৰৰ ওপৰত গোলাঘাট আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ইউ এছ ৩৭৯ অন্তৰ্ভুক্তি কৰি ৫৬৭/১৯ নম্বৰত গোচৰ ৰুজু কৰে আৰক্ষীয়ে। ইফালে আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে দেৰগাঁও আৰক্ষীৰ এই অভিযান অনাগত দিনত অব্যাহত থাকিব।
ইফালে অভিযানত দলটোৰ আন আন সদস্যক আটক কৰাৰ লগতে উদ্ধাৰ নোহোৱা চুৰি বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।