গুৱাহাটী: ভাৰতীয় সংস্কৃতি বিষয়ক এখন দুমহীয়া আলোচনী গুৱাহাটীৰ পৰা প্ৰকাশৰ যো-জা চলিছে। একবিংশ শতিকাটো ভাৰতবৰ্ষৰ পাশ্চাত্যৰ অনুকৰণত ভোগবাদত নিমজ্জিত ভাৰতবৰ্ষই বিশ্ববাসীক নেতৃত্ব দিবলৈ হ'লে ভাৰতীয়সকলৰ মাজতো নৱ জাগৰণৰ প্ৰয়োজন হৈছে। কাৰণ ভাৰতীয়ই ভাৰতীয় সংস্কৃতি পাহৰি অপসংস্কৃতিকে সংস্কৃতি বুলি আকোৱালি লৈছে। এনে পৰিস্থিতিত বিশাল ভাৰতীয় সংস্কৃতিৰ বৈভৱবোৰক জনগণক জনোৱাৰ উদ্দেশ্য আগত ৰাখি এখন আলোচনী প্ৰকাশৰ কথা চিন্তা কৰি গুৱাহাটীৰ উলুবাৰীত থকা পাঞ্চজন্য ভৱনত দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়।
সভাত সৰ্বসন্মতিক্ৰমে 'বৈভৱ' নামেৰে দুমহীয়া আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ড০ মুনিন্দ্ৰ মোহন ডেকা, ড০ জয়কান্ত শৰ্মা, প্ৰমোদ কলিতা আৰু ড০ ভাস্কৰজ্যোতি শৰ্মাক 'বৈভৱ' আলোচনীৰ সম্পাদনা সমিতিৰ উপদেষ্টা, অজয় কুমাৰ বৰাক সম্পাদক আৰু দিলীপ হাজৰিকা, হেমন্ত চাবুকধৰা, সাগৰিকা ভট্টাচাৰ্য, মুকুটেশ্বৰ গোস্বামী, জ্ঞানেন বৰ্মন আৰু ৰূপম নাথক সম্পাদনা সমিতিৰ সদস্য পদ দিয়া হৈছে। বৈভৱ আলোচনীখনৰ প্ৰকাশৰ বাবে ৯ জনীয়া "ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাস" গঠন কৰা হৈছে। দুমহীয়া বৈভৱৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ হ'ব ২২ আগষ্টত।
ইচ্ছুক লেখকে ভাৰতীয় সংস্কৃতিৰ বৈভৱৰ বিষয়ত লেখা পঠিয়াব পাৰিব। সবিশেষ জানিবলৈ ৯৮৬৪২৭২২৩৩ নম্বৰত লেখকে যোগাযোগ কৰিব পাৰিব।