গৌৰীপুৰত বালিভৰ্তি নাও জব্দ

 06/24/2019 - 12:58

গৌৰীপুৰ: গৌৰীপুৰৰ গদাধৰ নৈৰ পৰা দেওবাৰে আৰক্ষীয়ে দুখনকৈ বালি ভৰ্তি নাও জব্দ কৰে৷ উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ আদি চহৰত চৰকাৰী অনুজ্ঞাপত্ৰৰ ভিত্তিত আব্দুল মান্নান সেখ নামৰ ব্যক্তি এজনে বন বিভাগক কৰ আদায় দি বালি-মাটি যোগান ধৰা ব্যৱসায় চলাই যোৱাৰ বিপৰীতে আন এজন ব্যক্তিয়ে বন বিভাগৰ গোপন বুজা বুজিত অনিয়মীয়াকৈ গৌৰীপুৰলৈ নাওৰে বালি সৰবৰাহ কৰাৰ অভিযোগ তুলি দেওবাৰে সেখে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুখন বালিভৰ্তি নাওসহ কেইবাজনো লোকক আটক কৰি থানালৈ নিয়ে৷ আৰক্ষীয়ে নাও দুখনত থকা বালি-মাটিৰ অনুজ্ঞাপত্ৰৰ তদন্ত অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।