বিশ্বকাপৰ বা-বতৰা

 06/24/2019 - 13:07

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ৰ ৩০ সংখ্যক মেচত পাকিস্তানে ৪৯ ৰানত পৰাস্ত কৰিছে ছাউথ আফ্ৰিকাক। পোনতে বেট ধৰি পাকিস্তানে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩০৮ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে ছাউথ আফ্ৰিকাই ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৯ ৰান। পাকিস্তানৰ হাৰিজ চহেইলে ৫৯ বলত ৯ টা চাৰি আৰু ৩টা ৬ৰে ৮৯ ৰান কৰি মেন অৱ দ্য মেচ হয়।

আজি বিশ্বকাপ ক্ৰিকেটৰ ৩১ সংখ্যক মেচ বাংলাদেশ বনাম আফগানিস্তান। বিয়লি ৩ বজাৰ পৰা ছাউথেম্পটনৰ দ্য ৰ’জ বাউল ষ্টেডিয়ামত মুখামুখি হ’ব দল দুটা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।