নদীদ্বীপ মাজুলীলৈ হ'ব ৰে'ল সংযোগ

 06/24/2019 - 13:26

গুৱাহাটী: পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ হ'ব ৰে'ল সংযোগ। ইতিমধ্যে ভাৰতীয় ৰে'লৱে কৰ্তৃপক্ষই মাজুলীলৈ ৰে'ল চলাচল সন্দৰ্ভত কাম আৰম্ভ কৰিছে। ৰে'লৱে বৰ্ডৰ সদস্য মুকেশ কুমাৰৰ ভাষ্য অনুসৰি মাজুলীলৈ প্ৰাথমিকভাৱে দুটা ৰে'লপথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে। পথ দুটা হৈছে হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলী আৰু আনটো হ'ল গোগামুখৰ-ঢকুৱাখানা-কমলাবীৰ-গড়মূৰ হৈ যোৰহাট।

দুয়োটা পথৰ জৰীপৰ বাবে ২০১৭-২০১৮ আৰু ২০১৬-২০১৭ চনৰ বিত্তীয় বাজেটত ধন অনুমোদন জনোৱা ‌হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।