পিতৃৰ বিয়োগৰ খবৰ লাভৰ পাছতো খেল খেলাৰ সিদ্ধান্ত ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিৰ

 06/24/2019 - 13:42

ডিজিটেল ডেস্ক: পিতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতো ঘৰলৈ নাহি জাপানত চলি থকা এফ আই এইচ চিৰিজ হকী টুৰ্ণামেণ্টৰ ফাইনেলত দেশৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় মহিলা হকী দলৰ তাৰকা ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিয়ে। শনিবাৰে ভাৰত আৰু চিলিৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে লালৰেমচিয়ামিৰ পিতৃৰ হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ হোৱাৰ খবৰ লাভ কৰে। লালৰেমচিয়ামিৰ গৃহৰাজ্য মিজোৰামত হ’বলগীয়া পিতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ লোৱাৰ কথা আছিল যদিও তেওঁ প্ৰতিযোগিতাখনত ভাগ লৈ দেশক জয়ী কৰোৱাৰ ক্ষেত্ৰত বৰঙণি যোগাই পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লালৰেমচিয়ামিয়ে প্ৰশিক্ষকক কয় যে ‘মই মোৰ দেউতাক গৌৰৱান্বিত কৰিব বিচাৰো, মই দলৰ সৈতে থাকিব বিচাৰো, খেলিব বিচাৰো আৰু ভাৰতৰ যোগ্যতা নিশ্চিত কৰিব বিচাৰো’’। ভাৰতীয় দলটোৰ অধিনায়ক ৰাণীয়েও লালৰেমচিয়ামিৰ সিদ্ধান্তক প্ৰশংসা কৰি কয় যে দলে তাইক সকলো সময়তে সমৰ্থন কৰি যাব। তাৰকা ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিৰ এই সিদ্ধান্তত প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মন্ত্ৰী কিৰেণ ৰিজিজু।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।