বৰডুবি চাহ বাগিচাত ভূতৰ আতংকঃ: ভূতৰ ভয়ত বাগিচালৈ নোযোৱা হ’ল বহু শ্ৰমিক

 06/24/2019 - 14:23

ডুমডুমাঃ ভূত, ভূত, ভূত। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰডুবি চাহ বাগিচাত এতিয়া অকল ভূতৰ আতংক ! ভূতৰ আতংকৰ ফলত বহু শ্ৰমিকে বাগিচাৰ কামলৈ যোৱা বন্ধ কৰিছে। বিগত কিছুদিনৰ পৰা যেন  অঘৰী আত্মাই খেদি ফুৰিছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰডুবি চাহ বাগিচাখনৰ চাহ শ্ৰমিকক। যাৰ ফলত এতিয়া আতংকত দিন কটাইছে এইসকল চাহ শ্ৰমিকে। উল্লেখযোগ্য যে যোৱা ১৩ জুন তাৰিখে খাদ্যত বিষক্ৰিয়া হৈ বাগিচাখনৰ তিনিগৰাকীকৈ মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈছিল আগথা ৰেমিছ নামৰ আন এগৰাকী শ্ৰমিক।

তাৰ পাছৰে পৰাই বাগিচাৰ চিকিৎসালয়ত নিশা প্ৰায় ১২ বজাত চিকিৎসালয়ৰ দৰ্জাত টুকুৰিৱাৰ শব্দ শুনা পোৱাৰ লগতে চিলিং ফেনসমূহ নিজে নিজেই ঘূৰাৰ দাবী কৰিছে একাংশই। ইয়াকে লৈ আতংকিত হৈ পৰিছে ৰোগীসকল। ফলত চাহ বাগিচাখনৰ চিকিৎসালয়ত বিভিন্ন ৰোগত চিকিৎসাধীন প্ৰায় ২১ গৰাকী শ্ৰমিক চিকিৎসা সেৱা সম্পূৰ্ণকে গ্ৰহণ নকৰাকৈয়ে ঘৰলৈ গুচি গৈছে।

ইফালে যোৱা ১৩ জুন তাৰিখৰ ঘটনাৰ পাছৰে পৰা বাগিচাখনত প্ৰতি দিনাই দুই তিনিগৰাকীকৈ শ্ৰমিক কাম কৰি থকাৰ সময়তে কোনো কাৰণ নোহোৱাকৈয়ে ঢলি পৰে বুলি উল্লেখ কৰিছে শ্ৰমিকসকলে। এই সমগ্ৰ ঘটনাটো ভূতৰ বাবেই সংঘটিত হোৱা বুলি দাবী কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে। ফলত যোৱা কিছুদিনৰ পৰা বাগিচাখনত কাম কৰিবলৈ যোৱা নাই শ্ৰমিকসকল। বাগিচাখনৰ একাংশ শ্ৰমিকে ভূতৰ পৰা পৰিত্ৰাণ পাবলৈ পূজা পাতল কৰিবলৈ যো-জা চলাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।