তিতাবৰ: বানৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে মাজুলীৰ পৰা আনি তিতাবৰৰ ডাংধৰা গ্ৰাণ্টত স্থানান্তৰ কৰিছিল শ্ৰী শ্ৰী কৰতি পাৰ সত্ৰখন। কিন্তু তিতাবৰত প্ৰতিষ্ঠা কৰিয়েই দায়িত্ব সামৰিলে চৰকাৰে। ১৬৫০ খ্ৰীষ্টাব্দত মাজুলীৰ কৰতি পাৰত প্ৰতিষ্ঠিত শ্ৰী শ্ৰী কৰতি পাৰ সত্ৰখন ১৯৬২ চনত ব্ৰহ্মপুত্ৰৰ প্ৰবল বান আৰু খহনীয়াৰ কৱলত পৰে আৰু তেতিয়াৰ ৰাজ্য চৰকাৰখনে তিতাবৰৰ মাধপুৰ ডাংধৰা গ্ৰাণ্টত ৪৪০ বিঘা মাটি প্ৰদান কৰি ১০০ পৰিয়ালসহ শ্ৰী শ্ৰী কৰতি পাৰ সত্ৰখন স্থাপন কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে মাজুলীৰ পৰা সত্ৰখন তিতাবৰত প্ৰতিষ্ঠা কৰিয়েই দায়িত্ব সামৰিলে।
সত্ৰখনে আজি পৰ্যন্ত কোনো চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ সত্ৰবাসীৰ। ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা মূল নামঘৰ ভাগ বৰ্তমান ভাঙি-চিঙি উৱলি গৈছে। অৱশ্যে ২০১৪ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সত্ৰখনৰ মণিকূট ভাগ নিৰ্মাণ কৰিবলৈ ১০লাখ টকাৰ ঘোষণা কৰিছিল যদিও তাৰে মাত্ৰ ৪লাখ টকাহে পাবলৈ সক্ষম হ'ল সত্ৰখনে। বাকী ৬লাখ টকা ৰহস্যজনকভাবে নাইকিয়া হৈ গ'ল। আজি পৰ্যন্ত সত্ৰখনত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, সুচল বাট-পথ, প্ৰস্ৰাৱগাৰ, অতিথি গৃহ আৰু সত্ৰখনৰ চাৰি সীমাৰ স্থায়ী বেৰা। তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় যে মাজুলীৰ বানৰ কৱলৰ পৰা উদ্ধাৰ কৰি আনি তিতাবৰত স্থাপন কৰা সত্ৰখন প্ৰতি বছৰে ডুব যায় বানপানীত।
সত্ৰবাসীয়ে চৰকাৰক বাৰম্বাৰ আবেদন নিবেদন কৰিছে যদিও কোনো সুফল নোপোৱা বুলি উল্লেখ কৰিছে। সেয়েহে সত্ৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তিতাবৰ ডাংধৰাস্থিত এইখন জহি-খহি যোৱা শ্ৰী শ্ৰী কৰতি পাৰ সত্ৰখনক নিঃশেষ হৈ যোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে সত্ৰবাসী ৰাইজে।