বৰপথাৰ: গোলাঘাট জিলাৰ বৰপথাৰৰ ২নং প্ৰেমহৰাত স্থানীয় ৰাইজ আৰু যুৱক সংঘৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে দৈয়াং পৰীয়া শাখা সাহিত্য সভাই উদযাপন কৰে দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস। পুৱা ৮.৩০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীসমূহ একাদিক্ৰমে সম্পন্ন হয়। দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক লীলা গগৈয়ে উদ্ধোধন কৰা কুঁহি, আকাশ আৰু ৰামধেনু অনুষ্ঠানৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ প্ৰয়াস কৰিছে দৈয়াং পৰীয়া শাখা সাহিত্য সভাই।
উপসভাপতি ফণিধৰ বড়োৱে উদ্ধোধন কৰা মুকলি সভাত পৌৰোহিত্য কৰে দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ সভাপতি দণ্ডেশ্বৰ বৰাই। মুকলি সভাতেই দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ মুখপত্র " সুৱাগমণি " দুৰ্লভ বুঢ়াগোহাঁইৰ প্ৰবন্ধ সংকলন " ঐতিহাসিক পটভূমিত ধনশিৰি মহকুমা আৰু অন্যান্য " দৈয়াং পৰীয়া শাখা সাহিত্য সভাৰ সভাপতিৰ গীতি-কবিতা সংকলন " ৰক্তজবা " নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।
দৈয়াং পৰীয়া শাখা সাহিত্য সভাই প্ৰতি বছৰে প্ৰদান কৰি অহা স্বৰ্গীয় জীৱন কৃষ্ণ, জুনু মহন্ত, বিষ্ণুমান আৰু সাৰদা দেৱী সোঁৱৰণী সাহিত্য বঁটা প্রদান কৰে মুকলি সভাত। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা স্থানীয় ছাত্ৰ-ছাত্ৰীসকলকো সম্বর্ধনা জনোৱা হয়।