গোগামুখত তীব্ৰ উত্তেজনা

 06/24/2019 - 18:28

গোগামুখঃ গোগামুখত আজি পুৱাই এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। গোগামুখ ৰঙাজান ৰেলৱে পথ সুৰক্ষাৰ লগতে ভেৱেলী, ৰঙাজান গাঁৱৰ ৰাইজৰ সুৰক্ষাৰ হেতু বিগত বছৰত ৰঙাজানস্থিত ১৫ নং ঘাইপথৰ পৰা উত্তৰ পূৱ সীমান্ত ৰেলৱে পথলৈ প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এক মথাউৰি নিৰ্মাণ কৰা হৈছিল কিন্তু মথাউৰিটো নিৰ্মাণত মুঠেই সুখী হোৱা নাছিল ৰংপুৰ বেতনী গাঁৱৰ ৰাইজ।

সেইমৰ্মে ৰংপুৰ বেতনী গাঁৱৰ কেইজনমান দুষ্কৃতিকাৰীয়ে পুৱা মথাউৰিটো খান্দি পানীৰ ঢল ৰঙাজান আৰু ভেৱেলী গাঁৱৰ দিশে গতি কৰায় ফলত বৃহৎ সংখ্যক ঘৰৰ লগতে কৃষিভূমি পানীৰ তলত বুৰ যায়। এনে ঘটনাক ভেৱেলী গাঁৱৰ ৰাইজে মুঠেই সহ্য নকৰি দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষী উপস্থিত হৈ দোষী দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা তিনিজন অপৰাধীক আৰক্ষীয়ে সোধপোচ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।