খাৰুপেটিয়া: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰঙ জিলাৰ অন্তৰ্গত ফকিৰপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনাৰ উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। জিলাখনৰ পূৱ মঙ্গলদৈস্থিত হাজী ইউনুছ আলী মেম'ৰিয়েল একাডেমীত খাৰুপেটিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা জাকিৰ হুছেইন, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সেৱক মুক্তাৰ হুছেইন, ফকিৰপাৰা আঞ্চলিক সমিতিৰ সভাপতি জয়নাল আব্দিন, সাধাৰণ সম্পাদকদ্বয় মইনুদ্দিন আহমেদ আৰু ছৰকেত আলী, নৱৰত্ন জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মইনুল হকৰ লগতে প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত দৰঙ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক খইবৰ মণ্ডলৰ সঞ্চালনাত আয়োজিত সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম বিভাগ, ষ্টাৰ আৰু ডিষ্টিংছন পোৱা অৰ্ধশতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
বৰ্তমান যুগত যুৱচামৰ মাজত চুলিৰ ষ্টাইল এক প্ৰকাৰ ফেশ্বনত পৰিণত হৈছে। চুলিৰ ষ্টাইল কৰিলেই কেতিয়াও ভাল ছাত্র বুলি ক'ব নোৱাৰি, ভাল ছাত্র হ'বলৈ হ'লে মনোযোগ আৰু একাগ্ৰতাৰদ্বাৰাই পঢ়া শুনা কৰি সফলতা লাভ কৰিব পাৰি। মনোযোগেৰে পঢ়া শুনা কৰিলেহে চোকা ছাত্ৰ তথা ভৱিষ্যতে দেশৰ ভাল নাগৰিক হ'ব পাৰি বুলি ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্যি বক্তব্য দিয়ে নৱৰত্ন জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মইনুল হকে।