ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কছাৰিগাঁও চাহ বাগিছাৰ ১৪ নং শ্রমিক লাইনৰ বাসিন্দা অভিৰাম তিৰু ওৰফে মাচিদাস তিৰু (৫০) নামৰ লোকজন নিশা ৮:৩০ বজাত শৌচ কৰিবলৈ যাওঁতে লাদেন নামৰ বনৰীয়া হাতীটোয়ে আক্ৰমণ কৰে৷ আহত লোকজনক চিকিৎসালয়লৈ নিবলৈ ১০৮ সেৱাক খবৰ দিয়া হয় যদিও ১০৮ সেৱা ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আহত লোকজনৰ মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পাই ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া বুধিন পেগুৰ নেতৃত্বত এটি আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। মৃত অভিৰাম তিৰুয়ে মৃত্যুৰ সময়ত ঘৈণীয়েক আৰু তিনিজন ল'ৰা আৰু এজনী বিবাহিতা ছোৱালী এৰি থৈ গৈছে। কাছাৰীগাঁও চাহ বাগিচাত শ্রমিকৰ চৰ্দাৰ ৰূপে কৰ্মৰত অভিৰাম তিৰুৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
ইপিনে দেওবাৰে নিশা বনৰীয়া হাতীটোৱে জৰাসৰ শোকানবিল গাঁৱৰ দুটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস কৰে। নিশা বন্যহস্তীৰ এনে ত্রাসৰ বাবে ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে।