ৰীমা দাসৰ পৰিচালনাত আহি আছে নতুন অসমীয়া ছবি পূৰ্ণ চন্দ্ৰা

 06/24/2019 - 19:22

গুৱাহাটীঃ ভিলেজ ৰকষ্টাৰ্ছ, বুলবুল কেন ছিং-ৰে চলচ্চিত্ৰ জগতত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা পৰিচালক ৰীমা দাসে এখন নতুন অসমীয়া ছবিৰ কাম হাতত লৈছে। ৰীমা দাসৰ পৰিচালনাত অসম চলচ্চিত্ৰ বিত্ত নিগমৰ প্ৰযোজনাত নিৰ্মাণ কৰিবলগীয়া অসমীয়া চিনেমাখনৰ নাম পূৰ্ণ চন্দ্ৰা। চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ সৈতে এক সংবাদমেলত নতুন চিনেমাৰ বিষয়ে ঘোষণা কৰে ৰীমা দাসে।

আগষ্ট মাহৰ পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰিব ৰীমা দাসে। উল্লেখযোগ্য যে চিনেমাখন নিৰ্মাণত ৫০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে। সম্পূৰ্ণ ৫০ লাখ ব্যয় নহ’লে ৰীমা দাসে বাকী পইচা চলচ্চিত্ৰ বিত্ত নিগমক ঘুৰাই দিয়াৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে এইখন সংবাদমেলতে চলচ্চিত্ৰ বিত্ত নিগমে অসমৰ চুটি ছবি আৰু এনিমেছন ছবিৰ কাৰণে ১ কোটি টকাৰ ৰাজসাহায্য মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে। চুটি ছবিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হ’ব ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহাৰ্য্য। দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি ২৫ লাখ টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ’ব। আনহাতে বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ নিৰ্মাণৰ বাবেও চৰকাৰে ধন মুকলি কৰাৰ কথা জনায় চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।