উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত জিএনআৰচি আৰু উত্তৰ গুৱাহাটী খণ্ড চিকিৎসালয়ৰ যৌথ উদ্যোগত স্বাস্থ্য শিবিৰৰ আয়োজন

 06/24/2019 - 20:05

গুৱাহাটীঃ অহা ২৯ জুন শনিবাৰে জি এন আৰ চি, উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব।

উক্ত শিবিৰত দুয়োখন চিকিৎসালয়ৰ পৰা কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰিব।

নিকেতনৰ প্ৰায় ৬০০ গৰাকী ছাত্র-ছাত্ৰীৰ লগতে ৩৫ গৰাকী আচাৰ্য-আচাৰ্যা তথা কৰ্মচাৰীক এই চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।