এখন বিধ্বস্ত দলঙে জীয়াতু ভোগাইছে ৰাইজকঃ অঞ্চলটোত ভৰি দি পোৱা নাই স্থানীয় বিধায়কে

 06/24/2019 - 21:14

কাকপথাৰঃ ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ মাইঠং গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী ডিৰাক চাৰিআলি আৰু গন্ধৈগুৰী হাঁহখাটি সংযোগী ২ নং ডিৰাকৰ ভগা কাঠৰ দলঙখনে জীয়াতু ভোগাইছে অঞ্চলবাসীক৷ প্ৰায় বিশখনৰো অধিক গাঁৱৰ যাতায়তৰ একমাত্ৰ সম্বল দলংখনেৰে চাৰিচকীয়া বাহন দূৰৰে কথা দুচকীয়া বাহনো যাবলৈ অসুবিধা হয়৷

বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসাৰ বাবে ৰোগীক চকীত বান্ধি চাইকেলেৰে পাৰ কৰিবলগীয়া হয় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতীয়া সমষ্টিটোৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল যদিও আজিৰ তাৰিখলৈকে এই অঞ্চলটোত ভৰি দি পোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে৷

ভগা কাঠৰ দলংখনত বাইচাইকেল, মটৰচাইকেল দুৰ্ঘটনা হৈ এতিয়ালৈকে বহু কেইজন আৰোহী গুৰুতৰভাবে আহত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ ৰাইজৰ দুখ-দুৰ্দশাৰ মৰ্মবেদনা বুজি চৰকাৰে দলংখনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।