জাজৰিত নিচাযুক্ত দ্ৰব্য তথা বাইকসহ আটক অসাধু ব্যৱসায়ী

 06/24/2019 - 21:21

বটদ্ৰৱাঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী জাজৰিৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজন লোকক আটক কৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত খবৰ মতে মিকিৰভেটা আৰক্ষী থানা আৰু বৰিবজাৰ আৰক্ষী চকীৰ যুটীয়া দলে দেওবাৰৰ নিশা প্ৰায় আঠ বজাত এক গোপন সূত্ৰৰ পম খেদি জাজৰিৰ পাঘালীত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ, ভাং আৰু নিচাযুক্ত ঔষধ উদ্ধাৰ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

তদুপৰি আৰক্ষীৰ দলে এ এছ-০২-এন ৭১৩৯ আৰু এ এছ-০১-বি এছ ২০৮৭ নম্বৰৰ দুখন বাইক জব্দ কৰে৷ অৱশ্যে কেইবাজনো ব্যক্তি আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰে৷ আৰক্ষীয়ে আটক কৰা অসাধু ব্যৱসায়ীজন পাঘালীৰ ধনাই হীৰাৰ পুত্ৰ ধৰ্মেন্দ্ৰ হীৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ধৃত এই ড্ৰাগছ মাফিয়াজনে নিজৰ বাসগৃহৰ পিছফালে থকা এটা জুপুৰীত দীৰ্ঘদিনৰে পৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বেহা গোপনে চলাই আহিছিল৷ কালি আৰক্ষীয়ে অভিযান চলাই এই জুপুৰিটোৰ পৰাই উক্ত ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যখিনি উদ্ধাৰ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।