কলিয়াবৰৰ চামধৰাত হৰিণা পহুৰ কৰুণ মৃত্যু

 06/25/2019 - 11:07

কলিয়াবৰঃ কলিয়াবৰৰ চামধৰাত হৰিণা পহুৰ কৰুণ মৃত্যু। শিলঘাটৰ সমীপৱৰ্তী চামধৰাৰ মৰাপাটকল কলনীত উদ্ধাৰ হয় পহুটোৰ মৃতদেহ।

অৱশ্যে কলনীৰ চৌহদৰ ফেঞ্চিঙত আবদ্ধ হৈ পহুটোৰ মৃত্যু হোৱাৰ দাবী কৰিছে বন বিভাগৰ লোকে। কিন্তু ইয়াৰ বিপৰীতে কোনো লোকে পতা ফান্দত পৰি পহুটোৰ মৃত্যু হোৱাৰ অভিযোগ একাংশ ৰাইজৰ।

পহুটোৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি সৎকাৰ কৰে শিলঘাট উপ খণ্ড বন বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।