লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত উদ্ধাৰ মৃত গঁড়ৰ কংকাল

 06/25/2019 - 11:26

ডিজিটেল ডেস্কঃ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত উদ্ধাৰ হৈছে মৃত গঁড়ৰ কংকাল। ঘটনাস্থলীত নগাঁও জিলাৰ উচ্চ পদস্থ বন বিষয়াৰ দল উপস্থিত হৈ পৰিত্যক্ত অৱস্থাত থকা কংকালটোৰ অৱশিষ্ট উদ্ধাৰ কৰে।

কেইমাহমান পূৰ্বে ওৰাং অভয়াৰণ্যৰ পৰা ওলাই অহা গঁড়টোৰেই কংকাল হব পাৰে বুলি ইতিমধ্য সন্দেহ প্ৰকাশ কৰিছে একাংশই, কিন্তু নিশ্চিত নহয় কোনো তথ্য।

কংকাল উদ্ধাৰ হোৱা গঁড়টোৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বন বিভাগে প্ৰকাশ কৰা নাই কোনো তথ্য।ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।