পৰীক্ষাত নকল ধৰাক কেন্দ্ৰ কৰি ধুবুৰীত টেট শিক্ষয়িত্ৰীক প্ৰচণ্ড প্ৰহাৰ

 06/25/2019 - 11:42

ধুবুৰী: এক লজ্জাজনক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীত। ধুবুৰী আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত সাময়িক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক নকল কৰাত বাধা দিয়াৰ অভিযোগত এগৰাকী টেট শিক্ষয়িত্ৰীক প্ৰচণ্ড প্ৰহাৰ কৰে স্থানীয় ৰাইজে। পিছত ৰক্তাক্ত অৱস্থাত শিক্ষয়িত্ৰী গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। পৰীক্ষাত নকল ধৰাক কেন্দ্ৰ কৰি সংঘটিত হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষয়িত্ৰী গৰাকীয়ে এজাহাৰ দাখিল কৰিছে। আৰু তাৰপিছত ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আৰু আৰক্ষীৰ দল এটাই ইতিমধ্যে মূল অভিযুক্ত নজৰুল ইছলামসহ পাঁচজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ তীব্ৰ নিন্দা আৰু ধিক্কাৰ জনাইছে বিভিন্ন দল সংগঠনে। ঘটনাৰ লগত জড়িত সকলো দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।