মাটিৰ খকঃ নাৰায়নপুৰত পুত্ৰীৰ হাতত পহৃত মাতৃৰ সংকটজনক অৱস্থা

 06/25/2019 - 12:31

নাৰায়ণপুৰঃ এক হৃদয় বিদাৰক কাহিনী। নিজৰ পুত্ৰীৰ হাতত পহৃত মাতৃৰ বৰ্তমান অৱস্থা সংকটজনক। নিজ জীয়ৰীৰ প্ৰহাৰত এতিয়া চিকিৎসালয়ত মৃত্যুৰে যুজিছে বকুলী ভৰালী নামৰ এগৰাকী ৮৫ বছৰীয়া বৃদ্ধাই। এই ঘটনা লখিমপুৰ জিলাৰ নাৰায়নপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙিয়া গাঁৱৰ।

স্বামীহীনা বকুলী ভৰালীৰ বিবাহিতা পুত্ৰী মঞ্জু বৰাই দীৰ্ঘদিনে মাতৃগৃহৰ ভেটি মাটি অবৈধ ভাৱে দখল কৰি অৱশেষত মাতৃৰ জীৱিত কালত অতি চতুৰালিৰে ভেটি মাটি নিজৰ হাতলৈ নিয়াৰ চক্ৰান্তত প্ৰবল হেঁচা প্ৰয়োগ কৰে যদিও মাতৃৰ অমান্তিত ৰণচণ্ডী মূৰ্তিৰে নিজ মাতৃক উপৰ্যুপৰি মাৰপিট কৰি মাটি দখলৰ চেষ্টা চলায়।

অৱশ্যে বৃদ্ধাগৰাকীক ওচৰ-চুবুৰীয়াৰ তৎপৰতাত তৎকালীনভাৱে স্থানীয় নাৰায়নপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা লগতে নাৰায়নপুৰ আৰক্ষী থানাতো ঘটনা সন্দৰ্ভত অৱগত কৰে। বৰ্তমান সংকটজনক অৱস্থাত আছে যদিও আৰক্ষীয়ে জীয়ৰী মঞ্জু বৰাক আটক কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে ঘটনাৰ সম্পৰ্কত স্থানীয় ৰাইজে শীঘ্ৰে নিষ্ঠুৰ জীয়ৰী গৰাকীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।