বিশ্বকাপৰ বা-বতৰা

 06/25/2019 - 13:00

ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ সোমবাৰৰ ৩১ সংখ্যক মেচত বাংলাদেশৰ হাতত পৰাস্ত আফগানিস্তান। ৬২ ৰানৰ ব্যৱধানত পৰাস্ত আফগানিস্তান। বাংলাদেশে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৬২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনহাতে ৪৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২০০ ৰান সংগ্ৰহ কৰে আফগানিস্তান ক্ৰিকেট দলটোৱে।

বাংলাদেশৰ ছাকিব-আল-হাছানে বেটে-বলে উন্নত প্ৰদৰ্শন কৰি মেন অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰে। ছাকিবে ১০ অভাৰত ২৯ ৰান দি ৫ টা উইকেট দখল কৰাৰ লগতে ৬৯ বলত ৫১ ৰান সংগ্ৰহ কৰি এই খিতাপৰ অধিকাৰী হয়।

আজি আইচিচি ক্ৰিকেট বিশ্বকাপৰ ৩২ সংখ্যক মেচখন হাই ভল্টেজ হিচাপে পৰিগণিত হৈছে। কাৰণ আজি ক্ৰিকেট মহাৰণত মুখামুখি হ’ব দুটাকৈ শক্তিশালী দল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। এই মেচ লণ্ডনৰ লৰ্ডচ খেলপথাৰত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।