মৰ্মান্তিকঃ পথ দুৰ্ঘটনাত নিহত মহিলাৰ মৃতদেহ ক্ৰেনত ওলোমাই নিলে ডবকা আৰক্ষীয়ে

 06/25/2019 - 13:36

ডিজিটেল ডেস্কঃ আজি দিনৰ ১০ বজাত ডবকা-ডিফু ৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলা৷ আহত হয় আন দুগৰাকী লোক৷ জানিব পৰা মতে ডিফুৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 16 B 7376 নম্বৰৰ হুণ্ডাই ইয়ন গাড়ী এখনৰ ওপৰত শিল ভৰ্তি AS 02 AC 5122 নম্বৰৰ ডাম্পাৰ এখন বাগৰি পৰে৷

লগে লগে ইয়ন গাড়ীখন চুৰ্চূমৈ হৈ পৰে৷ গাড়ীৰ সন্মুখৰ আসনত থকা চালক আৰু এজন আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে পিছফালৰ আসনত থকা নাৰ্জা খাকলাৰী নামৰ এগৰাকী মহিলা নিহত হয়৷ ডবকা আৰক্ষীয়ে ক্ৰেনৰ সহায়ত গাড়ীখন শিল আৰু ডাম্পাৰৰ চেপাৰ পৰা উদ্ধাৰ কৰে যদিও নিহত মহিলা গৰাকীৰ মৃতদেহ গাড়ীৰ পৰা উদ্ধাৰ নকৰাকৈ ক্ৰেনত ওলমাই প্ৰায় তিনি কিলোমিটাৰ বাট একপ্ৰকাৰ চোচোৰাই লৈ যায়৷ যিয়ে স্বাভাৱিকতে ডবকাৰ প্ৰতিজন বিবেকৱান মানুহক শোকত জৰ্জৰিত কৰিছে৷

নিহত মহিলাগৰাকীৰ ঘৰ হাওৰাঘাটত বুলি জানিব পৰা গৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।