লখিমপুৰৰ কৰুনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

 06/25/2019 - 14:22

লখিমপুৰ: লখিমপুৰৰ লালুকৰ ১নং কৰুনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল এখন স্কুল বাছ৷ হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছখনে৷ দুৰ্ঘটনাটোত দহজনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত৷ বাছখনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী৷ দুৰ্ঘটনাটোৰ পিচত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰ পৰা উলিয়াই কন-কন ছাত্ৰ-ছাত্ৰীক৷ আহতসকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ ৰাইজৰ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নং- AS 01 DC 9296

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।