দেৰগাঁৱত নৈশ বাছৰ ভয়াৱহ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা ৩৫ যাত্ৰীৰ

 06/25/2019 - 14:37

দেৰগাঁওঃ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত শীতল পথাৰ অঞ্চলত যোৱা নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন নৈশ বাছ ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটা অভিমুখী পঁয়ত্ৰিছ জন যাত্ৰী কঢ়িয়াই নিয়া নেটৱৰ্ক ট্ৰেভেলছৰ এএছ ০১জিচি ২৯৬৬ নম্বৰৰ নৈশ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা বাগৰি পিতনিত পৰি যায়। শেষ নিশা প্ৰায়ে দুই বজাত সংঘটিত ঘটনাত হঠাতে হুৱাদুৱা লাগে অঞ্চলটোত।

স্থানীয় ৰাইজৰ তৎপৰতাত পঁয়ত্ৰিছ জন যাত্ৰী প্ৰাণহানি নোহোৱাকৈ উদ্ধাৰ হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে নিশাই যাত্ৰীসকলক ঘাইপথৰে যোৱা গাড়ীত উঠাই নিজৰ গন্তব্যস্থানলৈ পঠাই দিয়া বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। দেৰগাঁৱৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থাৰ ফলত প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়।

উল্লেখ্যযোগ্য যে অসম চৰকাৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাফিলতি কৰাৰ বাবে নিৰ্মাণকাৰী সংস্থাটোক জবাবদিহি কৰিছিল যদিও একো সুফল লাভ কৰা নাই স্থানীয় ৰাইজে।`

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।