লংকাৰ ভালুকমাৰীত দিন ডকাইতি কাণ্ড

 06/25/2019 - 14:51

লংকা: লংকাৰ ভালুকমাৰীত ৫৪ নং ঘাইপথত দিন ডকাইতি। নিমাই নন্দী নামৰ এজনৰ পৰা লুট কৰি নিলে ১৬ হেজাৰ টকাৰ লগতে গাড়ীৰ নথিপত্ৰ। নিমাই নন্দীৰ AS 02BC 3892 নম্বৰৰ গাড়ীখনত লংকাৰ পৰা উঠি অহা দুই অচিনাক্ত ব্যক্তিয়ে পিষ্টল দেখুৱাই সংঘটিত কৰে এই ডকাইতি কাণ্ড৷

ঘটনাস্হলীত উপস্হিত হৈ লংকা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।