শিৱসাগৰত পুখুৰীত পিছলি ৫৫বছৰীয়া ব্যক্তিৰ মৃত্যু

 06/25/2019 - 15:21

নাজিৰা: শিৱসাগৰ জিলাৰ হাঁ‌হচৰা লাটুম গাঁ‌ৱত অঘটন। পুখুৰীত পিছলি পৰি ৫৫বছৰীয়া এজন ব্যক্তিৰ মৃত্যু। পুৱাই ব্ৰয়লাৰ দানাৰ বাচন পুখুৰীত ধুবলৈ গৈ পুখুৰীত পিছলি মৃত্যুক সাবটি ল'লে ব্যক্তিজনে। ব্যক্তিজনৰ নাম প্ৰতাপ দহোতীয়া।

স্থানীয় চেৰেকাপাৰ আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ নিয়া হৈছে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।