মাজুলীত নিষিদ্ধ বৰদৈচিলা থিয়েটাৰ

 06/25/2019 - 15:28

মাজুলীঃ মাজুলীত নিষিদ্ধ হৈছে বৰদৈচিলা থিয়েটাৰ৷ বৰদৈচিলা থিয়েটাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্তক প্ৰতাৰণা কৰা খবৰে এইকেইদিন অসমৰ সাংস্কৃতিক মহল গৰম কৰি ৰাখিছে৷

প্ৰাঞ্জনা দত্তক প্ৰতাৰণা কৰি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকে অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা চুক্তি ভংগ কৰা সন্দৰ্ভত থিয়েটাৰখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠি মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা কৰে।

সন্মিলিত শিল্পী সমাজ মাজুলীয়ে ২৪ জুনত বিয়লি কমলাবাৰীস্থিত ৰামধেনু শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে কৰা প্ৰতাৰণা সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি থিয়েটাৰখনক মাজুলীত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।