তিতাবৰ নগৰৰ ৭নম্বৰ ৱাৰ্ডত মহিলাৰ প্ৰতিবাদ: পথ নিৰ্মাণৰ দাবীত ওলাই আহিল একাংশ মহিলা

 06/25/2019 - 15:49

তিতাবৰ: তিতাবৰ নগৰৰ দাঁতিতে লাগি থকা তিতাবৰ নগৰ সমিতিৰ অন্তৰ্গত ৭নম্বৰ ৱাৰ্ডৰ ২নং বৰএৰা-সন্দিকৈ গাঁও সংযোগী জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবীত ওলাই আহিল নগৰৰ একাংশ মহিলা। চৰকাৰক বাৰম্বাৰ আবেদন নিবেদন কৰি অহা সত্ত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাত আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মহিলাই। কেৱল বাট পথেই নহয় অঞ্চলটোত এজাক বৰষুণ দিলেই সৃষ্টি হয় বানপানীৰো।

তিতাবৰ নগৰৰ কাষেৰে যোৱা কাকডোঙা নৈৰ বাঢ়নী পানী পাৰ হৈ যাব পৰাকৈ সুবিধা নাই অঞ্চলটোত। যাৰ ফলত বৰষুণ দিলেই পানী গোট খাই বানপানীৰ সৃষ্টি হয়। প্ৰায় ১০০ পৰিয়ালে বাস কৰা অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি তিতাবৰ নগৰ সমিতিয়েও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে ৰাজ্যত তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰী আসনত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান তিতাবৰৰ বিধায়ক তৰুণ গগৈৰ চৰকাৰৰ দিনত ৰাস্তাটো নিৰ্মাণৰ কাৰণে জোখমাখ লৈছিল যদিও আজি পৰ্যন্ত কোনো সুফল নোপোৱা বুলি মন্তব্য কৰিছে ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।