শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি "তুমি আৰু মই"

 06/25/2019 - 16:13

আমগুৰি: অসমৰ বোলছবি জগতলৈ সুখবৰ। শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰ আমগুৰিৰ পৰা শীঘ্ৰে মুক্তি পাব পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি "তুমি আৰু মই"। ইতিমধ্যে আমগুৰিত প্ৰদৰ্শিত হ'ল নতুন অসমীয়া কথাছবি "তুমি আৰু মই"ৰ প্ৰমো শ্ব'। শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা নিৰ্মিত প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি "তুমি আৰু মই"ৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আগন্তুক দূৰ্গাপূজাৰ আগে আগে মুক্তি দিব পৰাকৈ সাজু হোৱা এই ছবিখনৰ প্ৰমো শ্ব' আমগুৰিৰ কেন্দ্ৰীয় পুথিভঁৰালত প্ৰদৰ্শিত কৰা হয়।

ছবিখনৰ পৰিচালক উদীয়মান যুৱক তথা নাট্যকাৰ ৰমেন গগৈ। সবল কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত কথাছবিখনৰ দৃশ্য গ্ৰহণ আমগুৰিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আশে পাশে কৰা হৈছে। অসমৰ কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে অভিনয় কৰা ছবিখনত কল্লোল বৰঠাকুৰ, ৰাকেশ ৰিয়ান, চয়নিকা ভূঞাকে আদি কৰি অসমৰ বহুকেইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।