মৰিয়নীত হত্যাকাণ্ড সংঘটিত: ধন লৈ হত্যাকাৰীক মুকলি কৰি দিয়াৰ অভিযোগ

 06/25/2019 - 16:31

মৰিয়নী: এটা হত্যাকাণ্ডকলৈ মৰিয়নীৰ দেৱেৰাপাৰ আৰক্ষী চকীত দেওবাৰে নিশা সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। ধন লৈ হত্যাকাৰীক মুকলি কৰি দিয়াৰ ৰাজহুৱা অভিযোগ উত্থাপন হ'ল আৰক্ষীৰ বিৰুদ্ধে। বিনোদ দাস নামৰ লোকজনৰ দুই হত্যাকাৰীক কৰায়ত্ত কৰা দাবীত ৰাইজে মাজ নিশা ঘেৰাও কৰিলে দেৱেৰাপাৰ আৰক্ষী চকী। চেতিয়া নামৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে চাৰি হাজাৰ টকা লৈ দুই হত্যাকাৰীক মুকলি কৰি দিয়াৰ অভিযোগ ৰাইজৰ। নকছাৰীৰ ৰতনপুৰৰ বিনোদ দাস নামৰ লোকজনক একেখন গাঁৱৰে ৰাতুল বৰা আৰু খাটিচোনাৰ বুলু ৰবিদাস নামৰ লোকজনে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে হত্যাৰ বলি হোৱা বিনোদ দাস ৰাতুল বৰা আৰু খাটিচোনাৰ বুলু ৰবিদাস নামৰ লোক তিনিজনে একেলগে সুৰাপান কৰি আছিল।

কিন্তু কোনো কথাত বিনোদৰ সৈতে ৰাতুল আৰু বুলুৰ সংঘাত হোৱাত ৰাতুল আৰু বুলু নামৰ লোক দুজনে বিনোদ দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰি পথৰ কাষত পেলাই থৈ যায়। আনহাতে সংকটজনক অৱস্থাত স্থানীয় ৰাইজে বিনোদক উদ্ধাৰ কৰি প্ৰথমে নকছাৰী খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তী কৰে যদিও বিনোদৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আনহাতে চিকিৎসাধীন অৱস্থাতে শনিবাৰে নিশা বিনোদে মৃত্যুক আকোৱালি লয়। ইফালে দেৱেৰাপাৰ আৰক্ষীয়ে আটক কৰা দুই অভিযুক্ত ৰাতুল বৰা আৰু বুলু ৰবিদাসক ঘটনাৰ পিছমূহুততে আৰক্ষীয়ে এৰি দিয়াক লৈ ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত গাঁওবাসীয়ে শনিবাৰে মাজনিশা দেবেৰাপাৰ আৰক্ষী থানাত উপস্থিত হৈ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে চাৰি হাজাৰ টকা লৈ হত্যাকাৰী দুটাক মুকলি কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে।

নিশাৰ ভিতৰতে হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ধন লোৱা আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ দাবী জনাই উত্তেজিত ৰাইজে। ইয়াৰ পিছত উচপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ৰাইজক বহু সময় বুজনি দিয়াৰ পাছত দুই অপৰাধীক ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিতি শান্ত হয়। ইতিমধ্যে দুই হত্যাকাৰী ৰাতুল বৰা আৰু বুলু ৰবিদাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।