নাজিৰাত গৰু চুৰি চক্ৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন ব্যক্তি

 06/25/2019 - 16:38

নাজিৰাঃ ক্ৰমাৎ বাঢ়িব ধৰিছে গৰু চুৰিৰ ঘটনা। শিৱসাগৰ জিলাৰ নাজিৰাত গৰু চুৰি চক্ৰৰ আক্ৰমণত আহত হয় এজন ব্যক্তি৷ নাজিৰা সমীপৰ চেপন-চূণপোৰা পথত এই অঘটন৷

নিশা দৰিকা দলঙৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ ঘটনাত ললিত ফুকন নামৰ এজন ব্যক্তি গুৰুতৰ ভাৱে আহত হয়৷ গৰু চুৰি চক্ৰৰ পিছ লোৱাত ফুকনৰ গাড়ীত আক্ৰমণ কৰে চুৰ কেইটাই৷

এটুকুৰা ইটাৰে আক্ৰমণ কৰা ফলত দুৰ্ঘটনাত পতিত হয় গাড়ীখন৷ তাৰপিছতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ললিত ফুকনক। সংকটজনক অৱস্থাত এতিয়া চিকিৎসাধীন হৈ আছে ললিত ফুকন। ঘটনা সম্পৰ্কত বৰ্তমান তদন্ত অব্যাহত আছে শিৱসাগৰ আৰক্ষীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।