মিথ্যাচাৰ! পুনৰুজ্জীৱিত নহয় নগাঁও-কাছাৰ কাগজকল

 06/25/2019 - 16:40

ডিজিটেল ডেস্ক: পুনৰুজ্জীৱিত নহয় নগাঁও আৰু কাছাৰ কাগজকল। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা অসমৰ কাগজকল দুটা কেন্দ্ৰীয় চৰকাৰে অচিৰেই কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই প্ৰতিশ্ৰুতি মিথ্যাচাৰ প্ৰমাণিত হ’ল। উল্লেখ্য যে দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিছত যোৱা ১৯ জুনত অসমৰ নগাঁও আৰু কাছাৰ কাগজকল দুটা পুনৰুজ্জীৱিত কৰিম বুলি অসমৰ ৯ গৰাকী সাংসদৰ প্ৰতিনিধি দল এটাক আশ্বাস দিছিল কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী অৰবিন্দ গনবত শ্বায়ন্তে৷

কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ ১ সপ্তাহ নৌহওঁতেই পাভলুটি মাৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ যোৱা সোমবাৰে ৰাজ্য সভাত সাংসদ ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰুজ্জীৱিত হোৱাৰ কোনো সম্ভৱনা নাই বুলি ঘোষণা কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে মিথ্যাচাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে কাগজ কল দুটাৰ কৰ্মচাৰী সংগঠনসমূহ৷ মন্ত্ৰীগৰাকীৰ এনে দ্বিচাৰিতাৰ বিৰুদ্ধে কৰ্মচাৰীসকলে পুনৰ আন্দোলন কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ হুংকাৰ দিছে৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কল দুটা বন্ধ হৈ থকাৰ ফলত কল দুটাৰ কৰ্মচাৰীসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। তদুপৰি কাগজকল দুটা বন্ধ হোৱাৰ পাছত উপাৰ্জনৰ পথ বন্ধ হোৱাত বহুকেইজন ব্যক্তিয়ে আত্মহত্যা কৰিছিল। যোৱা ১৯ জুনত কেন্দ্ৰীয় চৰকাৰৰ পৰা কাৰ্যক্ষম হোৱাৰ আশ্বাস পোৱাৰ লগে লগে কাগজ কল দুটাৰ কৰ্মচাৰীৰ পৰিয়ালত বিৰিঙিছিল হাঁহি।

এই সন্দৰ্ভত কাছাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰছ ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে ২৯ মে’ৰ NCLAT ৰ নিৰ্দেশটো গোপন কৰি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে সোমবাৰে ৰাজ্য সভাত আগবঢ়োৱা মন্তব্যৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।