উত্তৰ গুৱাহাটীত "সংঘাতে আনে জীৱনৰ নতুন তৰঙ্গ" নামৰ গল্প সংকলন উন্মোচন

 06/25/2019 - 17:12

গুৱাহাটী: কলঙৰ পটভূমি আৰু ভাৰতীয় সংস্কৃতিৰ আধাৰত ৰচিত 'সংঘাতে আনে জীৱনৰ নতুন তৰঙ্গ' নামৰ অজয় কুমাৰ বৰাৰ সদ্য প্ৰকাশিত গল্প সংকলখনি আজি উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত মুকুটেশ্বৰ গোস্বামীৰ উদ্যোগত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নিকেতনৰ আচাৰ্য-আচাৰ্যা, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত "সংঘাতে আনে জীৱনৰ নতুন তৰঙ্গ" গল্প সংকলখনি উন্মোচন কৰে নিকেতনৰ উপ প্ৰধান আচাৰ্য জগদীশ শৰ্মাই। এই সংকলনটিত আছে দহটি গল্প। সংকলনত সন্নিৱিষ্ট প্ৰত্যেকটি গল্পই ব্যতিক্ৰম ধৰ্মী আৰু স্বকীয় বৈশিষ্ট্যৰে সংপৃক্ত।

গল্পৰ মাজেৰে ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ প্ৰকাশ পাইছে। গল্প সংকলনটিৰ বেটুপাত অতি আকষৰ্ণীয়। ইচ্ছুক পাঠকে নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।