ISISত যোগদানৰ বাবে লৈ যোৱাৰ সন্দেহ মহানগৰীৰ যুৱকক

 06/25/2019 - 17:28

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত অসমৰ যুৱকক ISISত যোগদানৰ চেষ্টা কৰাৰ সন্দেহ। জম্মু-কাশ্মীৰলৈ নিয়াৰ সন্দেহ মহানগৰীৰ গাড়ীগাঁৱৰ সূৰুজ জামান নামৰ এজন যুৱকক। ১৪ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন৷

২১ জুনত পৰিয়ালৰ সৈতে শেষবাৰলৈ কথাও পাতিছিল যুৱকজনে। আনকি ফোনত প্ৰথমে দিল্লী আৰু তাৰ পিছত কাশ্মীৰলৈ নিয়াৰ কথাও জনাইছিল পৰিয়ালক। কিন্তু তাৰ পিছৰ পৰাই পৰিয়ালৰ সৈতে সংযোগ নাই সূৰুজৰ।ৰঙিয়াৰ পাপু নামৰ এজন যুৱকে চাকৰিৰ প্ৰলোভনেৰে সূৰজৰ লগতে যুৱক- যুৱতীৰ এটা দল কাশ্মীৰলৈ লৈ গৈছিল৷ দিল্লী পোৱাৰ পিছতো পৰিয়াললৈ ফোন কৰিছিল সূৰুজে আৰু আন লোকৰ ফোনৰ পৰাও ফোন কৰিছিল সূৰুজে।

কিন্তু যেতিয়া দিল্লীৰ পৰা কাশ্মীৰলৈ লৈ যোৱা হৈছিল,তেতিয়া সূৰুজে ফোনত পৰিয়ালক কৈছিল মোক বচোৱা৷ মোক কোনোৱে জংঘলী ঠাইলৈ আনিছে। নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই সূৰুজৰ মোবাইল চুইছ অফ। ঘটনা সন্দৰ্ভত ২১জুনত পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ গৈছিল যদিও জালুকবাৰী আৰক্ষীয়ে গোচৰ ৰুজু নকৰি ওলোটা ৫ লাখ টকাৰ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।