বকুলগুৰিত ঠিকাদাৰৰ বিৰুদ্ধে মথাউৰি নিৰ্মাণত অনিয়মৰ অভিযোগ: তদন্তৰ দাবী

 06/25/2019 - 17:42

কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিত ৩.৬০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা মথাউৰি নিৰ্মাণত ঠিকাদাৰ সোমেশ্বৰ দাসে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে বকুলগুৰি গাঁৱৰ প্ৰায় এক কিলোমিটাৰ এলেকাত কপিলী নৈয়ে তীব্ৰ খহনীয়া সৃষ্টি কৰিছিল যদিও মাত্ৰ চাৰিশ মিটাৰ এলেকাৰ বান্ধহে নিৰ্মাণ হৈছে।

বৰ্তমানেও উন্মুক্ত হৈ আছে বহু এলেকা। ৰাইজৰ দাবী বাৰিষাৰ আগে আগে খহনীয়া সম্পূৰ্ণ নিৰাময় কৰিব লাগে। প্ৰতিবাদী ৰাইজে অসম চৰকাৰ আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে। ৰাইজৰ অভিযোগ ঠিকাদাৰ সোমেশ্বৰ দাসে বিভাগীয় নীতি-নিয়মক জলাঞ্জলি দি নিজৰ খেয়াল খুচি মতে কাম কৰি আছে।কপিলী নদীৰ নিচেই ওচৰৰ পৰা মাটি কাটি মথাউৰি নিৰ্মাণ কৰাত ক্ষোভিত হৈ ৰাইজে ধৰ্ণা কাৰ্যসূচী পালন কৰে। ইফালে বাৰে বাৰে ঠিকাদাৰৰ মইমতালীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনহাতে মথাউৰি নিৰ্মাণত ঠিকাদাৰ সোমেশ্বৰ দাসে কৰি অহা অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৰাইজে দাবী উত্থাপিত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।