বিজনী মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে এক সজাগতা সমদল

 06/25/2019 - 18:10

বিজনী : চিৰাং জিলাৰ বিজনীত মঙলবাৰে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে এক সজাগতা সমদল উলিওৱা হয়। বিজনী মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বিজনী থানাৰ পৰা উলিওৱা হয় এই সমদল। চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই উদ্বোধন কৰা উক্ত সমদলটােত অংশগ্ৰহণ কৰে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিসহ আৰক্ষীৰ লোক, CRPF ৰ জোৱান, বিভিন্ন ছাত্ৰ সংগঠনৰ কৰ্মী, সমাজকৰ্মীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে। উক্ত সমদলটোৱে বিজনী চহৰখন পৰিভ্ৰমণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।