নগাঁৱৰ শিশুৰ পেটত ১২ কেজিৰ টিউমাৰ: জিএমচিএইচত সফল অস্ত্ৰোপচাৰ সম্পন্ন

 06/25/2019 - 18:22

কামপুৰ: অন্ধবিশ্বাস আৰু দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰি নগাঁৱৰ কঠিয়াতলীৰ এটি শিশুৰ জীৱন ৰক্ষা কৰিলে নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে। অন্ধবিশ্বাসৰ বাবেই বহুবছৰ ধৰি শিশুটিয়ে পেটত এটা ১২ কেজিৰ টিউমাৰ বহন কৰি অসীম যাতনা ভুগিছিল কঠীয়াতলীৰ উপৰবৰ লালুংগাঁৱৰ কন্যা সুৰভি ডেকাৰজা (১২) নামৰ দুৰ্ভগীয়া কন্যা শিশুটিয়ে।

উল্লেখ্য যে ৬ বছৰ আগতেই পিতৃ লেৰেলা ডেকাৰজাৰ মৃত্যু হোৱাত বিধৱা মাতৃগৰাকীয়ে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে ঘৰখন পোহপাল দি আহিছিল। আৰ্থিক দৈন্যতাৰ লগতে সামাজিক ভাবে দেখা দিয়া অন্ধবিশ্বাসৰ বাবে টিউমাৰ আক্ৰান্তত যন্ত্ৰণা ভুগি থকা কন্যা সন্তানটিক উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল। ফলত টিউমাৰটো বাঢ়ি ১২ কেজিলৈকে বৃদ্ধি পাইছে।

পছত অঞ্চলটোৰ কিছু সচেতন ব্যক্তি দল-সংগঠনৰ, তৎপৰতাত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাৰ বাবে ভৰ্ত্তী কৰোৱা হয়। গুৱাহাটী মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসক ৰাজীৱ ৰয় বৰুৱাৰ তত্বাৱধানত এমাহজোৰা চিকিৎসাৰ অন্তত কিশোৰীগৰাকীয়ে সুস্থ হৈ ঘৰলৈ ওভতে।

বিভিন্ন লোকৰ অৰ্থ সাহায্যকে ধৰি বিভিন্ন ধৰণৰ সহায়ৰ অন্তত চিকিৎসক ৰাজীৱ ৰয় বৰুৱাৰ নেৰানেপেৰা চিকিৎসাৰ অন্তত শিশুটি সুস্থ হোৱাত শিশুটিৰ মাতৃয়ে সকলোকে ধন্যবাদ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।