ধনশিৰি মহকুমাত বিদেশী ঘোষণা কৰা লোকক গ্ৰেপ্তাৰ

 06/25/2019 - 18:41

সৰুপথাৰ: বিদেশী ন্যায়ধীকৰণে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ পদুমনিৰ মহম্মদ আব্দুল আলিৰ পুত্ৰ কাচেম আলিক বিদেশী ঘোষণা কৰিছিল। আনহাতে ২০১৮ চনৰ দুটাকৈ শুনানীত কাচেম আলি উপস্থিত নথকাত আদলতে কাচেম আলিক গ্ৰেপ্তাৰ কৰিবৰ বাবে নিৰ্দেশ দিয়ে। আজি সীমান্ত আৰক্ষীৰ এটা দলে কাচেম আলিক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনচন কেম্পলৈ লৈ যায়।

আনহাতে আইচক্ৰীম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা দুই সন্তানৰ পিতৃ কাচেম আলিয়ে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহা সময়তহে জানিব পাৰে তেওঁক বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰা বুলি। তেওঁৰ ককাক, দেউতাক তথা নিজে গোলাঘাটতে জন্ম হোৱা বুলি জানিবলৈ দি তেওঁৰ নামত ভোটাৰ কাৰ্ড থকাৰ লগতে এন আৰ চিৰ খচৰাটো নাম থকা বুলি দাবী কৰে।

মনকৰিবলগীয়া যে নামনি অসমত সীমান্ত আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ তদন্তত কৰা গাফিলতিৰ বাবে স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ অহাৰ পাছত সৰুপথাৰৰ কাচেম আলিক বিদেশী ন্যায়ধীকৰণে বিদেশী ঘোষণা কৰাৰ পাছত আজি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা ঘটনাত সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।