নেপালী চলচ্চিত্ৰ উদ্যোগত জাগৰণ সৃষ্টিৰ বাবে সাজু "আপ্পা"

 06/25/2019 - 18:59

গুৱাহাটী: নেপালী চলচ্চিত্ৰ জগতত জাগৰণ সৃষ্টিৰ মানসেৰে ভাৰতৰ বিভিন্ন স্থানৰ লগতে অসম আৰু মেঘালয়ৰ চলচ্চিত্ৰ গৃহসমূহত মুক্তিৰ বাবে সাজু অভিনেতা দয়া ৰাঙ হাই অভিনীত নেপালী চলচ্চিত্ৰ "অপ্পা"। ২৮ জুনত নেপাল আৰু ৫ জুলাইত অসম, মেঘালয়, নাগালেণ্ডৰ লগতে সমগ্ৰ দেশৰ সৰ্বমুঠ ২৫ খন মহানগৰ আৰু চহৰৰ চলচ্চিত্ৰ গৃহত মুক্তি পাব ছবিখন। মহানগৰীৰ পল্টনবজাৰৰ হোটেল অতিথিত সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে নেপালী চলচ্চিত্ৰৰ তাৰকা দয়া হাং ৰাইয়ে।

চলচ্চিত্ৰখনৰ লেখক আৰু নিৰ্দেশক হ'ল আনমুল গুৰুঙ আৰু প্ৰযোজক হ'ল ৰুদেন ছাদা লেপচা। ৰাইৰ লগতে চলচিত্ৰখনত অভিনয় কৰিব নেপালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা অৰুণা কার্কী, সিদ্ধান্ত ৰাজ তামাং, আলোনা কাব লেপচাই। অসমত আহি নেপালৰ অভিনেতাগৰাকীয়ে কয় "অসমবাসীৰ লগতে গৰমেও মোক গুৱাহাটীলৈ আদৰণি জনাইছে। অসমৰ খাদ্য মোৰ বহুত ভাল লাগিছে। ভাৰতৰ চিনেমাত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছো।

মূলতঃ কাহিনীটোৰ দ্বাৰাই মই প্ৰথমতে চিনেমাখনত অভিনয় কৰিবলৈ আগ্ৰহী হ'লো।" উক্ত চিনেমাৰ শ্বুটিং দাৰ্জিলিঙৰ ঐতিহাসিক ঘূম ৰে'লৱে ষ্টেচনৰ লগতে চান্দাকপো আৰু কালিমপঙত হৈছিল বুলি চলচ্চিত্ৰখনৰ নিৰ্দেশকে জানিবলৈ দিয়ে।

ইয়াৰোপৰি সংবাদমেলখনত উপস্থিত থাকি বিৰাজ ধীতাল শৰ্মাই কয় "আপ্পাৰ অৰ্থ হৈছে দেউতা। অসম তথা উত্তৰ পূৱত প্ৰায় ৩০ লাখ নেপালী জনসংখ্যা আছে। তেওঁলোকক উদ্দেশ্য কৰি অসম তথা উত্তৰ-পূবত আপ্পাৰ মুক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে।"

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।